Show/Hide Keyboard Layout

সাজু হ’, সাজু হ’, নৱজোৱান

- জ্যোতিপ্ৰসাদ আগৰৱালা

সাজু হ’, সাজু হ’, নৱজোৱান

সাজু হ’, সাজু হ’, নৱজোৱান

তই কৰিব লাগিব অগ্নিস্নান ।

 

জীৱন যৌৱন

কৰি প্ৰাণপণ

ৰাঙলী কৰি দে ৰণাংগন

জয় শংখ বজা

পৃথিৱী কঁপাই

অত্যাচাৰকো কৰি বৰণ ।

 

স্বাধীনতা ধন

নতু মৰণ

লোহাৰে শিলেৰে

বান্ধি ল’ মন

বজ্ৰ কণ্ঠে বিশ্বক শুনা

সত্যৰ জয়গান

বুকুৰ তেজেৰে ধুই দে আজি

ভাৰতৰ অপমান

সাজু হ’, সাজু হ’, নৱজোৱান ।।

 

Hits: 2232